আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ‘বেঙা’…
July 18, 2021আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ মাফিয়া ‘বেঙা’।
হাজো আৰক্ষীৰ জালত পৰিছে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী কুখ্যাত জিয়াউৰ ৰহমান ওৰফে ‘বেঙা’।
হাজোৰ শনিয়াদীৰ নিজৰ ঘৰৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে এই ড্ৰাগছ মাফিয়াটোক।
লগতে আৰক্ষীয়ে জব্দ কৰে পাঁচটাকৈ হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।
দীৰ্ঘদিন ধৰি জিয়াউৰ ৰহমানে আৰক্ষীৰ চকুত ধুলি দি হাজোৰ লগতে সমগ্ৰ উত্তৰ কামৰূপত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।
ইতিমধ্যে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ড্ৰাগছ মাফিয়া জিয়াউৰ ৰহমান ওৰফে বেঙাক।