আৰক্ষীৰ জালত গঁড়ৰ খৰ্গ সৰবৰাহৰ লগত জড়িত দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী…
June 8, 2021আৰক্ষীৰ জালত গঁড়ৰ খৰ্গ সৰবৰাহৰ লগত জড়িত দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী।
দুৰ্ধৰ্ষ চোৰাং ব্যৱসায়ী হাৰুণ ৰছিদক গ্ৰেপ্তাৰ কৰিছে কাজিৰঙা বন বিভাগে।
সোমবাৰে কলিয়াবৰ মহকুমাৰ হাৰমতীৰ নিবাসী হাৰুণ ৰছিদক নগাঁৱৰ আমনিত আত্মগোপন কৰি থকা অৱস্থাত কাজিৰঙাৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰে৷
কাজিৰঙাৰ বহু গঁড়ৰ খৰ্গৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল হাৰুণ ৰছিদ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মী ভীমলা শইকীয়াৰ সৈতে জড়িত হৈ গঁড়ৰ খৰ্গৰ চোৰাং সৰবৰাহ চলাই নিছিল ধৃত চিকাৰী হাৰুণ ৰছিদে।