আৰক্ষীৰ জালত চাৰি গভাইত তেল চোৰ…
March 10, 2022আৰক্ষীৰ জালত চাৰি গভাইত তেল চোৰ।
নগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাৰি গভাইত তেল চোৰক৷
ধৃত তেলচোৰ কেইটা হৈছে ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা, ইন্দ্ৰজিৎ চুতীয়া আৰু নগাঁৱৰ প্ৰণৱ শইকীয়া৷
এই তেল চুৰি চক্ৰটোয়ে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে নগাঁও বাইপাছৰ কৃষ্ণাইখাটত অইল ইণ্ডিয়াৰ খাৰুৱা তেল পৰিবাহী পাইপ কাটি চুৰি কৰিছিল তেল৷
পিছত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৯ত ৰুজু হোৱা ২৪৩/২০২২ নম্বৰ গোচৰৰ তদন্ত কৰি নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গভাইত তেল চুৰি চক্ৰটোক।
ইফালে তেল চুৰি চক্ৰটোক নেতৃত্ব দিয়া মূল অপৰাধীটোয়ে মেঘালয়ত আত্মগোপন কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।