আৰক্ষীৰ জালত তিনি ড্ৰাগছ ব্যৱসায়ীক, ৫ কিলোগ্ৰামৰো অধিক আফিং জব্দ…

June 13, 2021 0 By Biraj Kalita

চিৰাঙত গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী৷

গোপন সূত্ৰৰ পোম খেদি চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধীৰ নেতৃত্বত অভিযান চলাই এখন ইন’ভা বাহনৰ পৰা প্ৰায় পাঁচ কিলোগ্ৰামৰ অধিক আফিং জব্দ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে নিষিদ্ধ আফিং সৰবৰাহকাৰী পঞ্জাবৰ মনদ্বীপ সিং আৰু নৰিন্দৰ পাল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে৷

আনহাতে , দুয়োৰে স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে বঙাইগাঁৱৰ গৰৈমাৰীৰ পৰা বিজয় আগৰৱালা নামৰ আন এজনক গ্ৰেপ্তাৰ কৰে৷

তিনিওকে সম্প্ৰতি ধালিগাঁও থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।