আৰক্ষীৰ জালত দুধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰী ৰাজা ওৰফে তাজনুৰ ৰহমান…
June 8, 2021আৰক্ষীৰ জালত মধ্য অসমৰ দুধৰ্ষ অস্ত্ৰ সৰবৰাহকাৰী ৰাজা ওৰফে তাজনুৰ ৰহমান।
দেওবাৰে নগাঁও জিলাৰ জুৰিয়া আৰক্ষীৰ হাতত ৰাজা উৰফে তাজনুৰ ৰহমান নামৰ দুধৰ্ষ অপৰাধীটো গ্ৰেপ্তাৰ হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি মৰিগাঁও জিলাত সন্ত্ৰাস চলাই আহিছিল ৰাজাই।
প্ৰাপ্ত তথ্য মতে জুৰিয়া আৰক্ষীয়ে ইয়াৰ পূৰ্বেও ৰাজাক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল অস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধত।
কিন্তু জেলৰ পৰা ওলায়ে ৰাজাই বিভিন্ন লোকক ব্লেকমেইলিঙৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰিছিল।
আনকি মিকিৰভেটা , লাহৰীঘাট মৈৰাবাৰী, মায়ং আদি অঞ্চলত নিৰপৰাধী লোকৰ ঘৰত অস্ত্ৰ পেলাই সেই নিশা তালাচি চলাই উদ্ধাৰ কৰাইছিল অস্ত্ৰ। আৰু তাৰ পাছতে নিৰপৰাধী লোকক মৰিগাওঁ লৈ মাতিছিল বুজা পৰাৰ বাবে।
ৰাজা কৰায়ত্ব হোৱাত সাধাৰণ লোকৰ কথা বাদেই মৰিগাঁও জিলাৰ বহু আৰক্ষী বিষয়াও আনন্দত উৎফুল্লিত হৈ পৰিছে।