আৰক্ষীৰ জালত নৱগঠিত বিদ্ৰোহী সংগঠন MNLF ৰ ৪ জন সদস্য…
July 9, 2021আৰক্ষীৰ জালত নৱগঠিত বিদ্ৰোহী সংগঠন মৰান নেশ্যনেল লিবাৰেশ্যেন ফ্ৰন্ট চমুকৈ MNLF ৰ ৪জন সদস্য।
বৃহস্পতিবাৰে অৰুণাচলৰ দুৰ্গম অঞ্চলত অসম আৰু অৰুণাচল আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছিল আটাইকেইজন।
সদস্য কেইজন হৈছে মণ্টু মৰাণ ওৰফে ৰক্তিম অসম, প্ৰমোদ চুতীয়া, অবিনাশ চেতিয়া আৰু মধু মৰাণ।
ৰক্তিম মৰাণ পূৰ্বতে আলফা স্বাধীনৰ সদস্য আছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা বিদ্ৰোহী সংগঠন MNLF ৰ নেতৃত্ব বহন কৰিছিল।
মুঠ ৫জন সদস্য আছিল বুলি ৰক্তিম মৰাণে স্বীকাৰ কৰাৰ লগতে তেওঁলোকে ভাৰতৰ স্বাৰ্থত এই সংগঠন জন্ম দিছিল বুলি সংবাদ মাধ্যমদ আগত প্ৰকাশ কৰে।
ইতিমধ্যেই অসম আৰক্ষীয়ে ধৃত চাৰিজনৰে জেৰা অব্যাহত ৰাখিছে।