আৰক্ষীৰ জালত পৰিল কুখ্যাত গাড়ীচােৰ মীৰাজ

August 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি অসম আৰক্ষীয়ে গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অব্যাহত ৰাখিছে তীব্ৰ অভিযান।

এইবাৰ আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ গাড়ী চােৰ মীৰাজ আহমেদ ওৰফে বাবুল।

গুৱাহাটীৰ পৰা বিলাসী বাহন চুৰি কৰি কাৰ্বি আংলঙত বিক্ৰীৰ বাবে গৈ থাকোতে হোজাইত গ্ৰেপ্তাৰ গাড়ী চোৰ মীৰাজ।

হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দুৰ্ধৰ্ষ গাড়ী চোৰটোক।

উল্লেখ্য যে ধৃত গাড়ী চোৰজনক বিভিন্ন স্থানত বিভিন্ন নামেৰে জনাজাত।

গাড়ী চোৰটোৰ নাম মীৰাজ আহমেদ ওৰফে বাবুল ওৰফে দেৱজিৎ ওৰফে অজয় শইকীয়া।

এখন বাহন গাড়ী চুৰি চক্ৰটোৱে গুৱাহাটীৰ পৰা কাৰ্বি আংলঙলৈ নি থকা অৱস্থাত হোজাই আৰক্ষীৰ জালত পৰে।

হোজাই পুৰণা বজাৰ বিশাল মাৰ্কেটৰ সমীপত তালাচী চলাই থকা অৱস্থাত ধৰা পেলায় আৰক্ষীয়ে।

বৰ্তমান আৰক্ষীৰ জালত ধৃত মীৰাজ আহম্মেদ।