আৰক্ষীৰ জালত পৰিল ভুৱা চিকিৎসক

October 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। গোলাঘাটত ভুৱা নথি পত্ৰৰে চিকিৎসা সেৱা আগবঢ়োই অহা এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গোলাঘাট আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত গোৰোঙা চাহ বাগিচাত চিকিৎসা সেৱা আগবঢ়াই অহা ডাঃ প্ৰাঞ্জল শৰ্মা নামৰ এজন ব্যক্তিক ভুৱা নথিপত্ৰৰ সহায়ত চিকিৎসা প্ৰদান কৰি অহাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি গোলাঘাট থানালৈ লৈ আহে।

এই সংক্ৰান্তত ভুৱা চিকিৎসকগৰাকীক মাৰাথন জেৰা অব্যাহত ৰাখিছে গােলাঘাট আৰক্ষীয়ে।