আৰক্ষীৰ জালত পৰিল ১৪ টা জুৱাৰী, জব্দ নগদ ৪১ হাজাৰ টকা

March 23, 2022 0 By NEWS DESK

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল ১৪ টাকৈ জুৱাৰী।

জব্দ হ’ল ৪১ হাজাৰ টকাসহ ম’বাইল ফােন।

ঢেকিয়াজুলি আৰক্ষীৰ অভিযানত এই সাফল্য আৰক্ষীৰ।

জানিব পৰা মতে, ঢেকিয়াজুলিৰ মেদিচুবুৰীত ঢেকিয়াজুলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মন্তু দাসে অভিযান চলাই এটা পৰিত্যক্ত গৃহত চৈধ্যটা জুৱাৰীয়ে জুৱা খেলি থকা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰ হোৱা জুৱাৰীকেইটাৰ পৰা ৪১,২১০টকা জব্দ কৰাৰ লগতে ৭টা এনড্ৰইড ম’বাইল ফােনৰ লগতে জুৱা খেলত ব্যৱহৃত সামগ্ৰী জব্দ কৰে।