আৰক্ষীৰ জালত পৰিল ৩ ATM প্ৰৱঞ্চক

September 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে ATM প্ৰৱঞ্চকৰ দৌৰাত্ম্য।

এই বজালীৰ পাঠশালাত গ্ৰেপ্তাৰ হ’ল তিনি এটিএম প্ৰৱঞ্চক।

এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হয় এই প্ৰৱঞ্চক ৩ টা।

প্ৰৱঞ্চক ৩ টাৰ জিম্মাৰ পৰা আৰক্ষীয়ে কেইবাখনো এটিএম কাৰ্ড, নগদ ২০ হাজাৰ টকা, পান কাৰ্ড, মানি বেগ, সোণৰ আঙুঠিৰ লগতে বহুতো সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে।

তিনিজন চােৰৰ পৰা এখন এএছ ০১ ই টি ৪০৩৩ নম্বৰৰ এখন ভেনু গাড়ীও জব্দ কৰে আৰক্ষীয়ে।