আৰক্ষীৰ জালত বিধায়ক ৰকিবুল হুছেইনক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযুক্ত জাইদুৰ ৰহমান

July 1, 2021 0 By Biraj Kalita

আৰক্ষীৰ জালত পৰিল বিধায়ক ৰকিবুল হুছেইনক মৃত্যুৰ ভাবুকি দিয়া অভিযুক্ত জাইদুৰ ৰহমান।

নগাঁও আৰক্ষীয়ে আটক কৰে অভিযুক্ত জাইদুৰ ৰহমানক।

নিশা প্ৰায় ২ বজাত নয়নপুৰৰ ভাড়াঘৰৰ পৰা আটক কৰে অভিযু্ক্ত জাইদুৰক।

জাইদুৰৰ বিৰুদ্ধে বিধায়ক ৰকিবুল হুছেইনক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ।

টেলিফোনত মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ ৰকিবুল হুছেইনৰ।

জাইদুৰ ৰহমান প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু কােষৰ সাধাৰণ সম্পাদক।

হাতিগাঁওস্থিত জাইদুৰৰ বাসগৃহতো আৰক্ষীয়ে অভিযান চলাইছিল।

ইপিনে এই অভিযোগ অস্বীকাৰ কৰি ৰকিবুল হুছেইনে মিছাৰ আশ্ৰয় লোৱা বুলি অভিযোগ কৰিছে জাইদুৰে।

লগতে দলক ক্ষতি কৰা ৰকিবুল হুছেইনৰ কাৰ্যকলাপক লৈহে কথা পাতিছিল বুলি মন্তব্য কৰে জাইদুৰে।