আৰক্ষীৰ জালত ভুৱা আৰক্ষী বিষয়া, অবৈধভাৱে সংগ্ৰহ কৰিছিল ধন…

May 30, 2021 0 By Biraj Kalita

আৰক্ষীৰ জালত ভুৱা আৰক্ষী বিষয়া।

ঢকুৱাখনা আৰক্ষীয়ে আটক কৰিছে বিকাশ কোঁচ নামৰ এজন যুৱকক।

নিজকে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া হিচাপে চিনাকি দি জনসাধাৰণৰ পৰা ভয়-ভীতিৰে অবৈধভাৱে জৰিমনা আদায় কৰি আহিছিল যুৱকজনে।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত গোবিন্দপুৰৰ বিকাশ কোঁচ নামৰ যুৱকজনে শনিবাৰে বিয়লি লখিমপুৰ আৰু ধেমাজি জিলাৰ সীমান্তৰ কঠালগুৰিত নিজকে আৰক্ষীৰ উচ্চ পদস্থ বিষয়া হিচাপে চিনাকি দি সান্ধ্য আইন ভংগ কৰাৰ অভিযোগত কেইবাজনো লোকৰ পৰা ভয়-ভীতিৰে অবৈধভাৱে জৰিমনা আদায় কৰে।

পিছত স্থানীয় ৰাইজৰ যুৱকজনৰ চাল-চলনত সন্দেহ হোৱাত যুৱকজনক আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে।

পৰৱৰ্তী সময়ত ঢকুৱাখনা আৰক্ষীয়ে যুৱকজনক থানালৈ লৈ আহে।

সম্প্ৰতি যুৱকজনক ঢকুৱাখনা আৰক্ষীয়ে সোধা-পোচা অব্যাহত ৰাখিছে।