আৰক্ষীৰ জালত ভুৱা চিকিৎসক! ২৫ বছৰে ধৰি কৰি আহিছিল ৰোগীক চিকিৎসা…

June 17, 2021 0 By Biraj Kalita

আৰক্ষীৰ জালত ভুৱা চিকিৎসক।

২৫ বছৰে ধৰি ৰোগীক চিকিৎসা কৰি আহিছিল ভুৱা চিকিৎসক গৰাকীয়ে।

মাজুলীৰ জেংৰাই মূখ থানাৰ অন্তৰ্গত জেংৰাই লখিমী গাঁৱত জেংৰাই মূখ থানাৰ আৰক্ষী দলে ভুৱা চিকিৎসকজনক আটক কৰে।

ভুৱা চিকিৎসক জনৰ নাম উত্তম কোছৱাহা। ঘৰ উত্তৰপ্ৰদেশত।

বহিঃৰাজ্যৰ পৰা অসমত সূদীৰ্ঘকাল ৰোগীক চিকিৎসা প্ৰদান কৰাৰ অন্তত আৰক্ষীয়ে আটক কৰে তেওঁক।

২৫ বছৰে এই ভুৱা চিকিৎসক জনে বহুতো ৰোগীক চিকিৎসা কৰি আহিছে বুলি স্থানীয় লোকে কোৱাৰ লগতে ভূৱা চিকিৎসক জনে নিজও স্বীকাৰ কৰে সমষ্ট কথা।

আনহাতে ভূৱা চিকিৎসক জনৰ ঘৰত বহু ঔষধপাতি আদিয়ো জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীৰ দলে।

বৰ্তমান মাজুলীৰ বাসিন্দা হিচাপে বসবাস কৰি আছিল ভুৱা চিকিৎসকগৰাকীয়ে।

লগতে চাওকঃ

৫ লাখ টকা ব্যয় কৰি হাউছিং ছছাইটিত প্ৰতিষেধক ল’লে ৩৯੦ জনে, পােহৰলৈ আহিল ভয়ানক ঘটনা