আৰক্ষীৰ জালত ভুৱা MBBS ডিগ্ৰীধাৰী চিকিৎসক, দীৰ্ঘদিন ধৰি চলাই গৈছিল চিকিৎসা…

July 23, 2021 0 By Biraj Kalita

আৰক্ষীৰ জালত ভুৱা MBBS ডিগ্ৰীধাৰী চিকিৎসক।

আটকাধীন ভুৱা চিকিৎসক গৰাকী কুমাৰীকাটাৰ ৪ নং কালিপুৰৰ মনজিৎ দাস।

কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত থকা নাৰায়ন মেডিকেল এণ্ড ক্লিনিকেল লেব’ৰেট’ৰী নামৰ এখনৰ পৰা নিদান পত্ৰ, বহু আপত্তিজনক নথিপত্ৰ সহ আটক কৰে ভুৱা চিকিৎসক গৰাকীক।

দীৰ্ঘ দিনৰ পৰা চিকিৎসা চলাই আছিল ভূৱা চিকিৎসক মনজিৎ দাসে৷

তামুলপুৰৰ মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত অতিৰিক্ত আয়ুক্ত প্ৰীতম ঠাকুৰীয়াই চলাইছিল অভিযান।

পিছত তামুলপুৰ আৰক্ষীয়ে ভুৱা চিকিৎসক মনজিৎ দাসক আটক কৰি তামুলপুৰ আৰক্ষী থানালৈ লৈ আনি সোধা পোচা অব্যাহত ৰাখিছেে।