আৰক্ষীৰ জালত শিক্ষকৰূপী দুৰ্ধৰ্ষ ডকাইত, জব্দ পিষ্টলসহ নগদ ধন…
June 21, 2021মুকালমুৱা আৰক্ষীৰ সফল অভিযান।
সোমবাৰে অভিযান চলাই এজন শিক্ষকসহ পাঁচটা দুৰ্ধৰ্ষ ডকাইতক আটক কৰে।
আটকাধীন ডকাইতকেইটা ক্ৰমে আব্দুল মালেক, জাহিদুল হক, জীয়াউৰ হক, ৰহিম আলী আৰু জাকিৰ আলী।
ইয়াৰে জীয়াউৰ হক, ৰহিম আলী আৰু জাকিৰ আলীক মুকালমুৱা আৰক্ষীয়ে গড়চুক আৰু জালুকবাৰী আৰক্ষীৰ সহযোগত গুৱাহাটীৰ বেতকুছি আৰু গাড়ীগাঁৱৰ পৰা আটক কৰে।
আনহাতে, আব্দুল মালেক আৰু জাহিদুল হকক মুকালমুৱা অঞ্চলৰ পৰা আৰক্ষীয়ে আটক কৰে।
আটকাধীন ডকাইত কেইটাৰ জাকিৰ আলী পেছাত এজন শিক্ষক বুলি জানিব পৰা হৈছে।
তেওঁলোকৰ পৰা আৰক্ষীয়ে এটা পিষ্টলসহ নগদ 22 হাজাৰ টকা, পাঁচটা ম’বাইল ফোন আৰু বিভিন্ন সন্দেহযুক্ত সামগ্ৰী জব্দ কৰে।
ডকাইতৰ দলটোৱে এসপ্তাহ পূৰ্বে মুকালমুৱাৰ ওচৰৰ দমদমা পথাৰৰ এজন চিকিৎসকৰ ঘৰত ডকাইতি কাণ্ড সংঘটিত কৰি এখন হুণ্ডাই ক্ৰেটা বাহন, নগদ ধনসহ সোণৰ অলংকাৰ লুট কৰি নিছিল৷
ইতিমধ্যে অভিযান চলাই যোৰাবাট আৰক্ষীয়ে হুণ্ডাই ক্ৰেটা বাহনখন উদ্ধাৰ কৰিছে।