আৰক্ষীৰ জালত ৩ কুখ্যাত ডকাইত…

July 20, 2021 0 By Biraj Kalita

আৰক্ষীৰ জালত ৩ কুখ্যাত ডকাইত।

আমিনগাঁৱত বাহনসহ তিনিজন দুধৰ্ষ ডকাইড গ্ৰেপ্তাৰ আমিনগাঁও যান-বাহন আৰক্ষীৰ।

গোপন সূত্ৰৰ পমখেদি পুৱাৰে পৰা সাপ পিটি থকা আমিনগাঁও আৰক্ষীয়ে হাজো গুৱাহাটীৰ ৰাজপথত এখন চুজুকী চুইফট বাহনেৰে গুৱাহাটী অভিমুখে গৈ থকা অৱস্থা আমিনগাঁও চেকগেটত বাহনসহ কৰায়ত্ব কৰে তিনিজন দুধৰ্ষ ডকাইডক।

তিনি দুধৰ্ষ ডকাইডৰ নাম ক্ৰমে ইমৰান আলী ওৰফে লাডেন, হেদায়ত উল্লাহ আৰু চামাত উল্লাহ।

বিভিন্ন গাড়ী চুৰি, ATM চুৰি,ডকাইডি, দাদাগিৰি, ধনদাবীৰ লগত জড়িত তিনি‌ দুধৰ্ষ ডকাইড।

কামৰূপ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নিৰ্দেশ মৰ্মে আৰক্ষীয়ে আটক কৰা তিনি ডকাইডক আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত অব্যাহত ৰাখিছে মাৰাথান জেৰা।