আৰক্ষীৰ জালত ৫ চিলনী চোৰ, দীৰ্ঘদিন ধৰি চলাই আহিছিল সন্ত্ৰাস…

June 13, 2021 0 By Biraj Kalita

আৰক্ষীৰ জালত মুছলপুৰ আৰু বৰমাত সন্ত্ৰাস চলোৱা ৫ চিলনী চোৰ৷

ৰাজপথৰ পৰা সাধাৰণ জনতাৰ হাতৰ পৰা মানিবেগ, মোবাইল, নগদ ধন, ডিঙিত পিন্ধি থকা সোণ-ৰূপৰ গহনা কাঢ়ি নিয়া ৫ চিলনী চোৰ আজি বাক্সা আৰক্ষীয়ে জালত পেলায়৷

আৰক্ষীয়ে বিশেষ অভিযান চলাই ৫ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷

জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কয় বাক্সা আৰক্ষীয়ে৷

উল্লেখ্য যে, মুছলপুৰ-বৰমা অঞ্চলত সঘনাই ৫ চিলনী চোৰে তাণ্ডৱ চলাই আহিছিল।