আৰক্ষীৰ জালত ৫ মানৱ সৰবৰাহকাৰী, গোপনে গুজৰাটলৈ নিবলৈ চেষ্টা কৰিছিল ৭ গৰাকী কিশোৰীক…

June 23, 2021 0 By Biraj Kalita

দুমহলীয়া বাছেৰে চোৰাং ভাৱে ভাৰত-ভূটান সীমান্তৰ পৰা কিশোৰীক চালান দিয়াৰ চেষ্টা মানৱ সৰবৰাহকাৰী দলৰ।

সংস্থাপন দিয়াৰ প্ৰলোভনেৰে চোৰাংভাৱে কেইবাগৰাকী কিশোৰী, শিশুসহ কেইবাজনো লোকক গুজৰাট নিবলৈ ওলাওতেই আৰক্ষীয়ে উদ্ধাৰ কৰে।

কুমাৰীকাটা আৰক্ষীয়ে অভিযান চলাই আটক কৰে পাঁচ গৰাকী মানৱ সৰবৰাহকাৰীক।

পুৱতি নিশা জি যে ১৪ ভি ৭১১১ নম্বৰৰ গুজৰাটৰ দুমহলীয়া বাছেৰে গুজৰাট অভিমুখে যাত্ৰা কৰাৰ সময়তে কুমাৰীকাটা আৰক্ষীৰ দলে বাছখনৰ চালক আৰু এজেণ্টক আটক কৰে।

লগতে উদ্ধাৰ কৰে কেইবাগৰাকী লোকসহ সাত গৰাকী কিশোৰীক।

মাছ ফেক্টৰীত কাম দিয়াৰ নামত পুৰুষ-মহিলাসহ কিশোৰীক গোপনে নিয়াৰ চেষ্টা চলাইছিল দুষ্কৃতিকাৰী কেইজনে।