আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই গুলীবিদ্ধ কুখ্যাত ডকাইত সহিদুল ইছলাম…

June 26, 2021 0 By Biraj Kalita

 আৰক্ষীৰ গুলীত আহত এজন দুৰ্ধষ ডকাইত।

চাপৰ আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত সাহিদু ইছলাম।

শুকুৰবাৰে নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলোৱাত আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে সহিদুলক।

যোৱা বৃহস্পতিবাৰে ডকাইটোক অসম-মেঘালয় সীমান্তৱৰ্তী তুৰাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল চাপৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে, চাপৰৰ হাতীপোতা ষষ্ঠ খণ্ডৰ দুটা পৰিয়ালৰ ঘৰত যোৱা ২৬ মে’ত সংঘটিত হোৱা ডকাইতি কাণ্ডত জড়িত আছিল সহিদুল ইছলামৰ নেতৃত্বত এটা ডকাইতৰ দল। লুটি নিছিল কেবা লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন।

তাৰ পাচতে উক্ত ঘটনাৰ লগত জড়িত ৫ টা অপৰাধীক আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল চাপৰ আৰক্ষীয়ে। কিন্তু পলাতক হৈ আছিল মূল অভিযুক্ত সাইদুল ইছলাম।

যোৱা ২৬ মে’ত ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতাত সংঘটিত ডকাইটি ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড সহিদুল ইছলামক ৫ দিনীয়া অভিযানৰ অন্তত অসম-মেঘালয় সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে নিশা নিউ হাতিপোতা অঞ্চলত সহিদুল ইছলামক লৈ চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে চলাইছিল অভিযান।

হাতীপোতাত ডকাইত সহিদুলে দেখুৱাই দিয়া স্থানত যোৱাৰ পিছতে ডকাইত সহিদুলে শৌচালয়ত যাব বুলি কোৱাত আৰক্ষীয়ে এখন হাতৰ হেণ্ড কাফ খুলি এজন কনিষ্টবলসহ কেইবাজনো আৰক্ষীক লগত পঠাই দি শৌচালয়লৈ যাব দিয়ে।

কিন্তু সহিদুলে হেণ্ডকাফ সহ কনিষ্টবলজনক প্ৰহাৰ কৰি এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাই যাবলৈ চেষ্টা কৰাত উপায় বিহিন হৈ আৰক্ষীয়ে সহিদুলৰ সোঁ ভৰি লৈ গুলী নিক্ষেপ কৰে।

আৰক্ষীয়ে গুলী কৰাত সোঁ ভৰিত গুলীবিদ্ধ হৈ বাগৰি পৰে দুৰ্ধষ ডকাইতটো।

চাপৰ আৰক্ষীয়ে লগে-লগে কুখ্যাত ডকাইত সহিদুলক চাপৰ চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চাপৰ চিকিৎসালয়ৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বিলাসীপাৰালৈ প্ৰেৰণ কৰিছে।