আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ দুই দুধৰ্ষ ডকাইত…

July 7, 2021 0 By Biraj Kalita

পুনৰ অপৰাধীলৈ অসম আৰক্ষীৰ গুলী চালনা।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ দুই দুধৰ্ষ ডকাইত।

হাজোৰ চকামতলীত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলীয়াই আহত কৰে ফজল হক আৰু জাকিৰ আলীক।

আৰক্ষীয়ে দুয়োটাকে আটক কৰি আনি থকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা।

বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত ফজল হক আৰু জাকিৰ।

গুলীবিদ্ধ ফজল আৰু জাকিৰক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।