আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া আশ্বাদুল…

July 17, 2021 0 By Biraj Kalita

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অব্যাহত আছে অভিযান।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া আশ্বাদুল ইছলাম।

মৈৰাবাৰী আৰক্ষীৰ গুলীত আহত কুখ্যাত ড্ৰাগছ মাফিয়া আশ্বাদুল।

জানিব পৰা মতে বুধবাৰে মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভলাল বৰুৱাৰ নেতৃত্বত যোৱা নগাঁও আৰু মৰিগাঁও আৰক্ষীৰ যৌথ অভিযানকাৰী দলে নগাঁৱৰ ম’হখুলিৰ পৰা সহযোগীসহ কুখ্যাত ড্রাগছ মাফিয়া আশ্বাদুল ইছলামক গ্রেপ্তাৰ কৰিছিল।

যোৱা ৬ জুলাইতো মৈৰাবাৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পলাহজুৰি গাঁৱৰ আশ্বাদুল ইছলামৰ ঘৰৰ পৰা চাবোনৰ বাকচসদৃশ তিনি কার্টন আৰু ছফিকুল ইছলাম নামৰ ধৃত ড্রাগছ সৰবৰাহকাৰীজনৰ পৰা ২০টা কণ্টেইনাৰ আৰু খেৰৰ মেজিত ৰখা অৱস্থাত ৭০টা কণ্টেইনাৰসহ মুঠ ৯০টা ড্রাগ্ছ কণ্টেইনাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল৷

আৰক্ষীৰ অভিযানকাৰী দলটোৱে ড্রাগছ সৰবৰাহ কৰা চক্রটোৰ লগত জডিত থকাৰ অভিযোগত ছকিনা বেগম (৩৩), ছালমা খাতুন (৩০), জমিৰ উদ্দিন (৩৫), ইউনুছ আলী (২২), ছফিকুল ইছলাম (৩৮) আৰু জহিৰুল ইছলাম (২৪)কো গ্রেপ্তাৰ কৰে৷

আৰক্ষীৰ দলটোৱে আটকাধীন ড্রাগছ সৰবৰাহকাৰীকেইজন্ কবলৰ পৰা নগদ ৫ লাখ ৫৪ হাজাৰ টকাও জব্দ কৰে৷

কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই ড্রাগছ সৰবৰাহত ব্যৱহাৰ কৰা বিলাসী গাড়ী আধাবাটতে এৰি পলাই যাবলৈ সক্ষম হৈছিল ঘৰখনৰ গৰাকী তথা কুখ্যাত ড্রাগ্ছ মাফিয়া আশ্বাদুল৷

যোৱা বুধবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰাৰ পিছত মিকিৰভেটা থানাত জেৰা কৰাত মৈৰাবাৰীৰ চুবুৰীয়া শগুনবাহীত পথৰ দাঁতিত ড্রাগছ পুতি ৰখা বুলি স্বীকাৰোক্তি দিয়াত যোৱানিশা আনুমানিক ১ বজাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্রতিভলাল বৰুৱাৰ নেতৃত্বত ড্রাগছ মাফিয়া আশ্বাদুলক ঘটনাস্থলীলৈ লৈ যাওঁতে আৰক্ষী বিষয়াগৰাকীৰ ছার্ভিচ ৰিভলভাৰ কাঢ়ি আৰক্ষীক গুলীয়াবলৈ উদ্যত হওঁতে আৰক্ষীয়ে ড্রাগছ মাফিয়াজনক ভৰিত গুলীয়াই আহত কৰে৷

সম্প্রতি গুলীবিদ্ধ ড্রাগ্ছ মাফিয়া আশ্বাদুল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷