আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ অপচেষ্টা চলাই গুলীবিদ্ধ কুখ্যাত অপৰাধী
September 23, 2021নিউজ ডেস্ক। ডবকাত হোজাই আৰক্ষীৰ এনকাউণ্টাৰ।
হোজাইৰ ডবকাত ইৰাণি গ্ৰুপৰ সদস্যলৈ আৰক্ষীৰ গুলীচালনা।
হোজাইত ৫৬ হাজাৰ টকা চুৰি কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল আকাশ যাদৱ ওৰফে ৰাজীৱ গোৱালা।
আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰাৰ চেষ্টা কৰাত আৰক্ষীয়ে গুলীচালনা কৰে।
ধৃত চোৰজনৰ দুয়োখন ভৰিতে গুলীবিদ্ধ হয়।
ধৃত আকাশৰ ঘৰ পশ্চিমবংগৰ নিউ জলপাইগুৰিত বুলি জানিব পৰা গৈছে।
বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ধৃত আকাশক।
ধৃত চােৰটােৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ৫৬ হাজাৰ টকা।