আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ ২৫টা ড্ৰাগছ কন্টেইনাৰসহ আৰক্ষীৰ জালত দুজন…

May 28, 2021 0 By Biraj Kalita

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান।

বিগত এসপ্তাহ ধৰি বকো আৰু ছয়গাঁও আৰক্ষীয়ে গ্ৰামাঞ্চলত সিঁচৰিত হৈ পৰা বিষাক্ত ড্ৰাগছ ব্য ৱসায়ীৰ টোপনি হৰণ কৰা পৰিলক্ষিত হৈছে।

সেইদৰে আজিও কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত গৰৈমাৰীৰ পুখুৰীপাৰ স্বাস্থ্য কেন্দ্ৰ চ’ক বজাৰত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ধৰা পৰে দুজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী৷

ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা হৈছে গৰৈমাৰীৰ ৰজৱ আলী আৰু ৰফিকুল ইছলাম।

দুয়োজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা উদ্ধাৰ হৈছে এখন স্কুটীৰ সৈতে নগদ ধন৷ ছয়গাঁও আৰক্ষীয়ে জব্দ কৰা স্কুটীখনৰ নম্বৰ হৈছে AS 25R 4006, নগদ ধন আৰু ড্ৰাগছ ব্যৱসায়ী দুজনৰ পৰা ২৫টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ হাতে লোটে ধৰা পেলায় ছয়গাঁও আৰক্ষীয়ে।

সম্প্ৰতি যুৱক দুজন ছয়গাঁও আৰক্ষীৰ জিম্মাত আছে ৷

লগতে চাওকঃ

বিবাহ চলি থাকোতেই মৃত্যু হ‘ল কইনাৰ, খুলশালীৰ লগত বিবাহ সম্পন্ন হ‘ল দৰাৰ