আৰক্ষীৰ বাছনি পৰীক্ষাত জাল নথি দাখিল কৰি গ্ৰেপ্তাৰ দুই পৰীক্ষাৰ্থী

October 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। যোৰহাট আৰক্ষীৰ বাছনি পৰীক্ষাত জাল নথি-পত্ৰ দাখিল কৰাৰ বাবে গ্ৰেপ্তাৰ হ’ল দুই পৰীক্ষাৰ্থী।

ইতিমধ্যে এই দুই পৰীক্ষাৰ্থীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

শুকুৰবাৰে যোৰহাট আৰক্ষীৰ বাছনি পৰীক্ষাত জাল নথি-পত্ৰ দেখুৱাই গ্ৰেপ্তাৰ হৈছিল বিকাশ নাথ ৰাজবংশী নামৰ এজন পৰীক্ষাৰ্থী।

বিকাশৰ স্বীকাৰোক্তিৰ পিছত যোৰহাট আৰক্ষীয়ে মৰিয়নীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পাৰ্থ মজুমদাৰ নামৰ আন এজন যুৱকক।

পাৰ্থই বিকাশক জাল নথি পত্ৰ তৈয়াৰ কৰি দিছিল।

যোৰহাট আৰক্ষীয়ে আনকি জব্দ কৰিছিল পাৰ্থই ব্যৱহাৰ কৰা কম্পিউটাৰ, প্ৰণ্টাৰৰ লগতে আন সামগ্ৰীও।

যোৰহাট আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা পাৰ্থ আৰু বিকাশক ন্যায়ালয়ত উপস্থিত কৰোৱাৰ পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।