আৰক্ষীৰ বৃহৎ সফালতঃ ৭ কোটি টকাৰ ড্ৰাগছ জব্দ, মহিলাসহ দুজনক আটক…

June 17, 2021 0 By Biraj Kalita

অসম আৰক্ষীৰ বৃহৎ সফালত।

বোকাজানত ৭ কোটি টকাৰ ড্ৰাগছ জব্দ।

বোকাজানৰ খটখটি থানাৰ অন্তৰ্গত পকাফিল্ডত উদ্ধাৰ ১৬৪ পেকেট ড্ৰাগছ। ড্ৰাগছখিনিৰ ওজন ২ কেজি ১২৫ গ্ৰাম।

কাৰ্বি আংলং আৰক্ষীৰ হাতত লাগিছে এই বৃহৎ সফলতা। ।

আৰক্ষীৰ জালত এগৰাকীৰ মহিলাসহ আটক এজন নগা যুৱক।

আটকাধীন যুৱক জনৰ নাম কেভেটচচা মভি (২৮) আনহাতে মহিলাগৰাকীৰ নাম টি এইচ পাওনে (৫০)।

কাৰ্বি আংলঙৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ নেতৃত্বত চলিছিল এই অভিযান ।

বোকাজানৰ এছ ডি অ পি জন দাস , চি আই বৰপথাৰ ভূপেন কলিতা আৰু খটখটী অ চি মৌব্লিক ব্ৰহ্মই চলাইছিল এই অভিযান।

জানিব পৰা অনুসৰি টি এইচ পাওনে নামৰ মহিলা গৰাকী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহ চক্ৰৰ সৈতে জড়িত। ধৃত কেভেটচচাৰ ঘৰ নাগালেণ্ডত আৰু টি এইচ পাওনেৰ ঘৰ মণিপুৰত বুলি জানিব পৰা হৈছে।

ঘটনাৰ সৈতে জড়িত AS 01 BY 9058 নম্বৰৰ এখন এল্ট’ বাহন জব্দ আৰক্ষীৰ।