আৰক্ষীৰ সফলতাঃ দুধনৈত এতিয়ালৈ উদ্ধাৰ ১১১ খন চুৰি বাইক, আৰক্ষীৰ জালত ২৮ জন বাইক চোৰ…

June 25, 2021 0 By Biraj Kalita

গোৱালপাৰা জিলা দুধনৈ আৰক্ষীৰ বৃহৎ সফলতা।

বৃহৎ গাড়ী চুৰি চক্ৰ উৎখাত কৰি এপষেকৰ ভিতৰত দুধনৈ আৰক্ষীয় এতিয়ালৈ উদ্ধাৰ কৰিছে ১১১ খন চুৰি বাইক।

দুধনৈৰ আৰক্ষীৰ বিষয়া মুকুট কাকতিৰ নেতৃত্বত এটা পষেকৰ জুৰি চলা এই অভিযানত কামৰূপ,গোৱালপাৰা,শালমাৰা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূৱ গাৰোপাহাৰ,পশ্চিম গাৰোপাহাৰ আৰু উত্তৰ গাৰোপাহাৰৰ পৰা উদ্ধাৰ কৰা হৈছিল সৰ্ব মুঠ ১১১ বাইক৷

আনহাতে এই অভিযানত আৰক্ষীৰ জালত পৰিছে ২৮ জন বাইক চোৰ।

ইতিমধ্যে আৰক্ষীৰ এই সফলতাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক প্ৰশংসা কৰিছে।

জিলা খনৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়া মতে অচিৰেই আৰু অধিক বাইক আৰক্ষীয়ে উদ্বাৰ কৰিবলৈ সক্ষম হ’ব৷

এতিয়া প্ৰতি দিনে নিজৰ হেৰোৱা দুচকীয়া বহন বিচাৰি বহু লোকে ভিৰ কৰিছে দুধনৈ আৰক্ষী থানাত।