আৰক্ষীৰ সফলতা, ওৰে নিশা অভিযান চলাই উদ্ধাৰ কৰে ৮ খনকৈ চুৰি বাইক…

June 22, 2021 0 By Biraj Kalita

আৰক্ষীৰ সফলতা!

আৰক্ষীয়ে ওৰে নিশা অভিযান চলাই উদ্ধাৰ কৰে ৮ খনকৈ চুৰি বাইক।

গোৱালপাৰাৰ দুধনৈ আৰক্ষী ,ৰংজুলি আৰক্ষী ,শিমলীতোলা আৰক্ষী আৰু বৰপেটাৰ আলোপতিচৰ আৰক্ষীয়ে সন্মিলিত ভাবে চলাইছিল এই অভিযান।

গৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত ভেলেঙীচৰ ,খোলাবান্ধা,
মৈৰাদিয়া আৰু পাঠিমাৰী চৰৰ পৰা উদ্ধাৰ হয় চুৰি বাইক কেইখন।

বাইক’ সমূহৰ প্ৰায়ভাগেই বাজাজ পালচাৰ ,পঞ্জীয়ন নম্বৰ সমূহো ভুঁৱা।

চৰাঞ্চলৰ পৰা আৰক্ষীয়ে পুৱাৰ ভাগতে নাঁৱেৰে নদী পাৰ কৰি থানালৈ নিয়ে চুৰি বাইক কেইখন।

বাইক চোৰ এজনকো আটক কৰিব পৰা নগ’ল যদিও আৰক্ষীৰ এনে কৃতিত্বক শলাগিছে ৰাইজে।

স্মৰ্তৱ্য যে কিছুদিনৰ পূৰ্বে আটক কৰা এজন বাইক চোৰক লগত লৈ, একাংশ ভি,ডি,পি,’ সদস্যৰ সহায়ত উদ্ধাৰ কৰা হয় চুৰি বাইক কেইখন।