আৰক্ষীৰ স্ক’ৰ্পিঅ’ৰ খুন্দাত চাইকেল আৰােহীৰ শােকাৱহ মৃত্যু

November 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী স্ক’ৰ্পিঅ’ বাহনৰ খুন্দাত মৃত্যু চাইকেল আৰােহীৰ।

উত্তৰ লখিমপুৰৰ কদম কছাৰীত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

উত্তৰ লখিমপুৰৰ কদম কছাৰী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৰুণাচল পুলিচৰ তীব্ৰ বেগী এ আৰ ০১এন ০১৭১ নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনে চাইকেল আৰোহীজনক মহটিয়াই লৈ যোৱাত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় চাইকেল আৰোহীজন।

আনহাতে দুৰ্ঘটনাটোত বহানখন থকা দুজন আৰোহীক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল