আৰক্ষীৰ হাতত আটক কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰা দুটা চোৰাং চিকাৰী

April 24, 2021 0 By Biraj Kalita

 জখলাবন্ধা আৰক্ষীৰ হাতত আটক কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰা দুটা চোৰাং চিকাৰী।

থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতা আৰু বাগৰি আৰক্ষী চকীৰ বিপ্লৱ কোঁৱৰৰ নেতৃত্বত আৰক্ষীৰ এটি দলে অভিযান চলাই আটক কৰে এই দুই চোৰাং চিকাৰীক।

আটকাধীন চোৰাং চিকাৰী কেইটা ক্ৰমে চামগুৰিৰ আমনিৰ মুস্তাফা আহমেদ আৰু ৰুফুল আমিন।

২০১৬ চনত গঁড় হত্যাৰ লগত জড়িত হোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই দুই চোৰাং চিকাৰীক।

উল্লেখ্য যে জখলাবন্ধা আৰক্ষীয়ে এসপ্তাহৰ ভিতৰত ৫ টাকৈ দুধৰ্ষ চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।