আৰক্ষী অভিযানত জব্দ ৬ খনকৈ চুৰি বাইক

August 4, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।

চতিয়াত আৰক্ষীয়ে এক অভিযান চলাই কেইবাখনো চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কল্পজিৎ শৰ্মা আৰু ইটাখোলাৰ আই চি শ্যামল নেওগৰ নেতৃত্বত এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা কেইবাখনো চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

চতিয়াৰ বালিদোঙা, চিজুছা, ইটাখোলা আৰু চতিয়াৰ ঘাহিগাঁৱৰ পৰা প্ৰায় ছখন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

পৰৱৰ্তী সময়ত চুৰি বাইকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি বহুতো চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব বুলি আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

চতিয়াৰ বিভিন্ন অঞ্চলৰ পৰা মুঠ ছখনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে এই চুৰি কাৰ্যত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।