আৰক্ষী আৰু আলফা(স্বাঃ)ৰ মাজত তীব্ৰ সংঘৰ্ষ! নিহত এজন আলফা কেডাৰ, এজনক আটক…

April 29, 2021 0 By Biraj Kalita

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰীত আৰক্ষী আৰু আলফা (স্বা) মাজত তীব্ৰ সংঘৰ্ষ।

সংঘৰ্ষত সংগঠনটোৰ অসমৰ পশ্চিম অঞ্চলৰ দায়িত্বত থকা দুৰ্ধৰ্ষ আলফা সদস্য দ্বীপেন সাউদৰ মৃত্যু হয়।

আৰক্ষীৰে চলা এই সংঘৰ্ষত দ্বীপেন সাউদৰ সতীৰ্থ পদুম ৰায় নামৰ এজন সদস্যক অস্ত্ৰৰ সৈতে জীৱন্তে আটক কৰে অভিযানকাৰী দলে।

নিহত আলফা নেতা দ্বীপেন সাউদৰ ঘৰ বৰপেটা জিলাৰ সৰভোগত বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীৰ পৰা দুটা পিষ্টল, গ্ৰেনেড জব্দ কৰে আৰক্ষীয়ে।

অসম আৰক্ষী সঞ্চালক প্ৰধানৰ ছ’চিয়েল মিডিয়া পেজৰ পৰা এই অভিযানৰ সবিশেষ জানিব পৰা যায়।

আৰক্ষী সঞ্চালক প্ৰধানৰ পেজত উল্লেখ কৰা অনুসৰি শেহতীয়াকৈ আত্মসমৰ্পণ কৰা দুৰ্ধৰ্ষ আলফা নেতা দৃষ্টি ৰাজখোৱাৰ স্থানত দ্বীপেন সাউদক আলফা(স্বাঃ)ৰ ৱেষ্টাৰ্ণ কমাণ্ডাৰ হিচাপে নিযুক্তি দিছিল।

আৰক্ষীৰ গুলী লগাৰ ফলতেই দুৰ্ধৰ্ষ সদস্যজনৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়।