আৰক্ষী জালত পৰিল চােৰৰ দল, জব্দ সােণ-ৰূপৰ অলংকাৰ
October 30, 2021অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
এইবাৰ ডিব্ৰুগড়ত আৰক্ষীৰ জালত পৰিল ৫ জনীয়া চােৰৰ দল।
ডিব্ৰুগড় মিলন নগৰ আৰক্ষীয়ে অনুসন্ধান চলাই চােৰকেইটাৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ আ-অলংকাৰ।
জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত চোৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত চােৰ ধৰিবলৈ অভিযান অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে।
ডিব্ৰুগড় আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ সোণৰ সা-সামগ্ৰী, ম’বাইল আৰু বহু মূল্যবান সা-সামগ্ৰী উদ্ধাৰ কৰিছে।
ইতিমধ্যে, ডিব্ৰুগড় আৰক্ষী চকীত হিচাপ-নিকাচ কৰি থকা হৈছে।
এইদৰে ডিব্ৰগড়ত ক্ৰমে বৃদ্ধি পায় অহা চুৰি কাৰ্যৰ বিৰুদ্ধে তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষী।
আৰক্ষীয়ে চােৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল