আৰক্ষী জালত পৰিল ৬ জুৱাৰী, জব্দ জুৱা খেলৰ সামগ্ৰী-নগদ ধন
October 4, 2021নিউজ ডেস্ক। জুৱাৰীৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান।
হোজাই কপাহবাৰীৰ পৰা আটক কৰে ছ জনকৈ জুৱাৰীসহ জুৱা খেলৰ সামগ্ৰী আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষী।
জুৱাৰী কেইজন ক্ৰমে নেকিবুৰ আহমেদ, চেলিম উদ্দিন, নজৰুল ইছলাম আশীস উদ্দিন, নজমুল হুছেইন আৰু সিন্দু দাস বুলি জানিব পৰা গৈছে।
ইতিমধ্যে হোজাই আৰক্ষীয়ে জুৱাৰীকেইটাক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।