আৰক্ষী বিষয়া নৱ কুমাৰ দাসৰ আকস্মিক বিয়োগ
September 27, 2021নিউজ ডেস্ক। নগাঁও জিলাৰ ৰূপহীৰ সূঁতিৰপাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ দাসৰ বিয়োগ।
নগাঁও চহৰৰ গোসাঁই নাৰ্ছিংহোমত মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।
জানিব পৰা মতে, বিষয়াগৰাকী যোৱা কিছুদিন ধৰি গুৰুতৰভাৱে অসুস্থ হৈ আছিল।
শীৰ্ষ আৰক্ষী বিষয়াৰ পৰামৰ্শমতে বিষয়া গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰা হৈছিল।
বিষয়াগৰাকীৰ বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে নগাঁও আৰক্ষী মহলত।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত ভুগি আছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱ কুমাৰ দাস।