আৰছু, ৰাভা মহিলা পৰিষদৰ দুই নৱ নিৰ্বাচিত বিষয়ববীয়াক সম্বর্ধনা

February 28, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ২੦੦৫ ইং চনত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ছয়গাঁও আঞ্চলিক সমিতি গঠনত আগভাগ লােৱা অন্যতম ব্যক্তি প্ৰদীপ ৰাভাক শেহতীয়াকৈ সংগঠনটােৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সাধাৰণ সম্পাদকৰ দৰে গুৰুদায়িত্ব প্ৰদান কৰা হৈছে।

উল্লেখ্য যে ওদালগুৰি জিলাৰ ভেৰগাঁৱত অনুষ্ঠিত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ কেন্দ্ৰীয় অধিৱেশনত প্ৰদীপ ৰাভাক আৰছুৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ নেত্ৰী বিচিত্ৰা ৰাভাক নিখিল ৰাভা মহিলা পৰিষদৰ উপ-সভানেত্ৰী হিচাপে উক্ত অধিৱেশনতে নিৰ্বাচিত কৰা হয়।

ছয়গাঁৱৰ দুই ৰাভা জাতীয় সংগঠনৰ সদস্যই সংগঠনদ্বয়ৰ কেন্দ্ৰীয় সমিতিত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাত উৎফুল্লিত হৈ পৰিছে আঞ্চলিক সমিতিৰ কৰ্মকৰ্তাসকল।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সম্পাদক প্রদীপ ৰাভা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ উপ-সভানেত্রী বিচিত্রা ৰাভাক সম্বৰ্ধনা জনােৱাৰ উদ্দেশ্যে দেওবাৰে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ছয়গাঁও আঞ্চলিক মহিলা পৰিষদ, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসুচী দাবী, ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভা, পান্টান পৰিষদীয় সমষ্টিৰ মনিটৰিং সমিতি আৰু গোৱৰ্ধন পৰিষদীয় সমষ্টিৰ মনিটৰিং সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

সভাত ভাষণ প্ৰসংগত প্ৰদীপ ৰাভাই কয় যে ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদক সংবিধান ষষ্ঠ অনুসূচী প্ৰদান কৰাৰ দাবীৰে সংগ্ৰাম অব্যাহত থাকিব। সকলাে ৰাভা জাতীয় সংগঠনসমূহৰ সমন্বয়ৰ মাজেৰে এই আন্দােলন আগবঢ়াই নিব বুলিও তেওঁ মন্তব্য কৰে।

ইপিনে, বিচিত্ৰা ৰাভাই পিছপৰা ৰাভা জাতিৰ মহিলাসকলৰ শৈক্ষিত তথা সামাজিক উন্নতিৰ বাবে প্ৰচেষ্টা চলাই যাব বুলি মন্তব্য কৰে।

উল্লেখ্য যে এই সম্বৰ্ধনা অনুষ্ঠানত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অজিত ৰাভা, কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সাংগঠনিক সম্পাদক জ্যোতিষ ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ শিক্ষা সচিব অনুপ ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জিতেন ৰাভা আৰু অৰবিন্দ ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্রী সুজাতা দলৈ ৰাভা, সম্পাদিকা মীৰা ৰাভা, ছয়গাঁও আঞ্চলিক ষষ্ঠ অনুসুচী দাবী সমিতিৰ অতুল ৰাভা আৰু সম্পাদক বিশ্বজিৎ দলৈ ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সম্পাদক কংকণ ৰাভাৰ লগতে চাৰিওটা সংগঠনৰে বিষয়ববীয়া কর্মকর্তাসকল উপস্থিত থাকে।