ইটা ভাটাৰ পৰা চুৰি হোৱা ১.৯২ লাখ টকা উদ্ধাৰ আৰক্ষীৰ, জালত পৰিল দুই গভাইত চােৰ

April 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। আৰক্ষীৰ জালত পৰিল দুই গভাইত চােৰ। এখন ইটা ভাতাৰ পৰা চােৰ দুটাই চুৰি কৰি নিছিল নগদ ১.৯২ লাখ টকা।

চৰাইদেউ জিলাৰ ডােমৰদলং খােকামৰাত সংঘটিত হৈছিল এই চুৰিকাণ্ড।

জানিব পৰা মতে, চেপন আৰক্ষী চকীৰ অধীনৰ ডোমৰদলং খোকামৰাত থকা SB নামৰ ইটাভাটাৰ পৰা চােৰ দুটাই কৌশলেৰে ১.৯২ লাখ টকা লুটি নিছিল।

পাছত চােৰ দুটাক নাহৰকটীয়াৰ সমীপৰ পৰা আৰক্ষীয়ে শুকুৰবাৰে নিশা আটক কৰে।

আটক কৰা চােৰ দুটাৰ নাম হৈছেঃ চিৰাজ বাৰ্জু (২১) আৰু লোহিত কৰ্মকাৰ (১৯)।

দুয়োজনৰ পৰা আৰক্ষীয়ে চুৰি কৰা ধনৰ কিছু অংশ উদ্ধাৰ কৰিছে।

বিপ্লৱ প্লাৱন শইকীয়া আৰু মৃদুস্মৃতা ফুকনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই দুই যুৱকক আটক কৰাৰ লগতে AS06P 0141 নম্বৰৰ মাৰুতি ভান জব্দ কৰিছে।

লগতে চাওকঃ

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল