ইন্ধনজাত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…
July 16, 2021হোৰাহোৰে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য।
আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সৰ্বসাধাৰণক।
শুকুৰবাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীৰে ৰাজপথত নামিল প্ৰদেশ কংগ্ৰেছ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত গ্ৰহণ কৰা হয় প্ৰতিবাদী কাৰ্য্যসূচী৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰদেশ কংগ্ৰেছে মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে।
আলু পিঁয়াজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ কংগ্ৰেছ কৰ্মীয়ে।
ইফালে অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম বিধানসভাৰ মজিয়াতো প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধী পক্ষই।
প্ৰতিবাদৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, মূল্য নিযন্ত্ৰণত চূড়ান্ত ব্যৰ্থ চৰকাৰখন। চৰকাৰৰ এনে স্থিতিত অতিষ্ঠ হৈ পৰিছে অসমৰ প্ৰতিগৰাকী জনগণ৷ আগন্তুক উপ-নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ বিজেপিয়ে লাভ কৰিব।