ইন্ধনৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৭-১৭ জুলাইলৈ কংগ্রেছৰ প্রতিবাদী কার্যসূচী
July 6, 2021ইন্ধনৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৭–১৭ জুলাইলৈ প্রতিবাদী কার্যসূচী ৰূপায়ন কৰিব অসম প্ৰদেশ কংগ্ৰেছে।
ৰাজীৱ ভৱনত সংবাদমেলযোগে এই কথা সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।
পেট্র’ল–ডিজেল, ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহার্য সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদত অহা ৭ জুলাইৰ পৰা ১৭ জুলাইলৈ এলানি প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ বিষয়ে সদৰী কৰে সভাপতি বৰাই।
সংবাদমেলত তেওঁ কয়- অহা ৭ জুলাইৰ পৰা ১৭ জুলাইৰ ভিতৰত ৰাজ্যৰ প্রতি ব্লক কংগ্রেছ কমিটীৰ উদ্যোগত ক’ভিড প্রট’কল ৰক্ষা কৰি দুঘণ্টীয়া প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰা হ’ব৷
প্রতিবাদীসকলে কাঁহী–বাটি বজাই, ধর্ণা দি প্রতিবাদ সাব্যস্ত কৰিব আৰু ইয়াত মহিলা কংগ্রেছ, যুৱ–কংগ্রেছকে ধৰি ব্লক পর্যায়ৰ সকলো ভাতৃ–ভগ্নী সংগঠন, বিভাগ আৰু কোষৰ নেতৃত্বই অংশগ্রহণ কৰিব বুলি মন্তব্য কৰে সভাপতি বৰাই।
সেইদৰে প্রতি জিলা কংগ্রেছ কমিটীৰ উদ্যোগত জিলা আৰু মহকুমা সদৰত দলৰ নির্বাচিত জনপ্রতিনিধিৰ লগতে সকলো পর্যায়ৰ বিষয়ববীয়াৰ অংশগ্রহণেৰে নগৰাঞ্চল এলেকাত প্রতিবাদী চাইকেল সমদল উলিওৱা হ’ব।
১৭ জুলাইত ক’ভিড প্রট’কল মানি চলি প্রদেশ কংগ্রেছৰ উদ্যোগত ৰাজ্যৰ ৰাজধানী চহৰত প্রদেশ কংগ্রেছৰ সভাপতি, কংগ্রেছ বিধায়িনী দলৰ নেতা–সাংসদ–বিধায় তথা দলীয় বিষয়ববীয়াৰ অংশগ্রহণেৰে প্রতিবাদী সমদল উলিওৱা হ’ব৷
তদুপৰি প্রতি জিলা কংগ্রেছ কমিটীৰ উদ্যোগত পেট্র’ল পাম্পসমূহত গ্রাহকৰ পৰা স্বাক্ষৰ সংগ্রহ অভিযান চলোৱা হ’ব বুলি সংবাদমেলত সদৰি কৰে।