ই-বিধানসভা হিচাপে গঢ়ি তোলা হ’ব অসম বিধানসভাক, বিধায়কসকলে ব্যৱহাৰ কৰিব পাৰিব লেপটপ…

July 9, 2021 0 By Biraj Kalita

নতুন ৰূপ পাব অসম বিধানসভাই।

অসম বিধানসভাক আধুনিক তথ্য প্ৰযুক্তিৰে আগুৱাই নিবলৈ প্ৰচেষ্টা আৰম্ভ হৈছে। 

ডিজিটেল বিধানসভা হিচাপে গঢ়ি তোলা হ’ব অসম বিধানসভাক।

অসম বিধানসভাৰ সদস্যসকলৰ বাবে ব্যৱস্থা কৰা হ’ব ডিজিটেল পৰিচয় পত্ৰৰ।

লগতে প্ৰৱেশ দ্বাৰত শ্বৱাইপ মেচিনৰ ব্যৱস্থা কৰা হ’ব।

বিধায়কসকলে নিজৰ ডিজিটেল পৰিচয় পত্ৰ শ্বৱাইপ কৰি বিধানসভাত প্ৰৱেশ কৰিব লাগিব।

সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰিছে বিধানসবাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।

ইয়াৰ উপৰিও বিধানসভাৰ লগত জড়িত বিষয়া, কৰ্মচাৰী, সাংবাদিক আদিৰ বাবেও ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিব।

আনহাতে আগন্তুক বিধানসভাৰ পৰাই বিধায়কসকলে বিধানসভাত ব্যৱহাৰ কৰিব পাৰিব লেপটপ।

ইতিমধ্যে এই ব্যৱস্থা কৰিবলৈ বিধায়কসকলৰ পৰা তেওঁলোকৰ সবিশেষ তথ্য বিচাৰি সচিবালয়ৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰিছে।

অৱশ্যে মোবাইল ব্যৱহাৰৰ ক্ষেত্ৰত পূৰ্বৰ নিষেধাজ্ঞা বাহাল থাকিব।

লেপটপৰ বাবে প্ৰয়োজনীয় নেটৱৰ্কৰ ব্যৱস্থা কৰা হ’ব।