ঈদৰ নামাজ ঘৰতে পঢ়িবলৈ আহ্বান অসম ৰাজ্যিক জমিয়ত উলেমাৰ…

May 13, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

সংক্ৰমণৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি হৈছে কৰ’ণাই প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা।

কৰ’ণাৰ ভয়ৱহতাৰ মাজতে কাইলৈ ৰাজ্যবাসীয়ে উদযাপন কৰিব ঈদ-উল-ফিটৰ।

ক’ভিডৰ ভয়াবহতাৰ বাবে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনা অনুযায়ী ঈদৰ নামাজ ঘৰতে পঢ়িবলৈ আহ্বান জনাইছে অসম ৰাজ্যিক মিয়ত উলেমাই।

ঈদৰ নামাজ কোনো ইদগাহ ময়দান বা মছজিত নকৰিবলৈ আহ্বান জনাইছে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সদস্য জুনাইড খালিদে।

উচতম ন্যায়ালয়ৰ অধিবক্তা তথা কামৰূপ মহানগৰ জমিয়ত উলেমাৰ সম্পাদক গৰাকীয়ে কয় যে-

‘বৰ্তমান ক’ভিড পৰিস্থিতিৰ বাবে অসম চৰকাৰে ক’ভিড প্ৰট’কল অনুসৰি দিয়া নিৰ্দেশ অনুযায়ী কোনো ইদগাহ ময়দান বা মছজিদত যাতে শুকুৰবাৰে নামাজ নকৰে আৰু মছজিদত কেৱল ইমামে ঈদৰ নামাজ আদায় কৰাৰ লগতে সকলোকে নামাজ সামাজিক দুৰত্ব মানি ঘৰতে পঢ়ে।’