ঈদ উদযাপনক লৈ নতুন SOPত কি নিৰ্দেশনা ৰাজ্য চৰকাৰৰ?
July 19, 2021সোমবাৰে ৰাজ্যত ঘোষণা কৰা হ’ল ক’ভিডৰ নতুন নিৰ্দেশনা।
পুনৰ এসপ্তাহৰ বাবে জাৰি কৰা নতুন নিৰ্দেশনাত আগন্তুক ঈদৰ প্ৰতি দিয়া হৈছে বিশেষ নিৰ্দেশনা।
ঈদৰ নামাজ পঢ়াৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশ অনুসৰি ৫ জনতকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব মছজিদত।
লগতে স্বাস্থ্য মন্ত্ৰী মহন্তই ঘৰৰ পৰাই নামাজ পঢ়িবলৈ অনুৰোধ জনাইছে সকলোকে।
২০ জুলাই তাৰিখৰ পুৱাৰে পৰা কাৰ্যকৰী হোৱাকৈ এই নতুন নিৰ্দেশানা
ঈদ উদযাপন কৰোতে চৰকাৰে জাৰি কৰা নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।