উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত নৱ সংযোজন, অন্তৰ্ভুক্ত হ’ল ‘বিহু’ বিষয়ক পাঠ্যপুথি!
December 24, 2020উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত নৱ সংযোজন।
উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল ‘বিহু’ বিষয়ক পাঠ্যপুথি।
উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ল বিহু বিষয়ক পাঠ্যপুথি।
সেই উদ্দেশ্যে বৃহস্পতিবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত ‘অসমৰ বিহু উৎসৱ’ শীৰ্ষক এখন পাঠ্যপুথি উন্মোচন কৰা হয়।
শিক্ষা সংসদৰ সচিব ড: ৰমেশ চন্দ্ৰ চুতিয়াৰ সভাপতিত্বত অনুস্থিত হোৱা এক অনুস্থানত এই নতুন পাঠ্যপুথি খন উন্মোচন কৰে বিহু গবেষক ড: হেমন্ত কুমাৰ বৰুৱাই।
১০০নম্বৰৰ এই বিষয়টোত লিখিত ৩০ আৰু ব্যৱহাৰিকত থাকিব ৭০ নম্বৰৰ প্ৰশ্ন।
উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব এই বিহু বিষয়টো।