উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ খুঁটাত উঠিল সুৰাপায়ী, তাৰ পাছত ঘটিল শােকাৱহ ঘটনা
August 4, 2021নিউজ ডেস্ক। সুৰাই কাল হ’ল নাজিৰাৰ এজন যুৱকৰ।
সুৰাৰ ৰাগিত মতলীয়া হৈ নাজিৰাৰ ন-মাটি ভগনীয়া গাঁও অঞ্চলৰ এটা বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ পৰিবাহী তাঁৰ স্পৰ্শ কৰাত থিতাতে মৃত্যু হয় ৰাজু ভূমিজ (৪৩) নামৰ এজন ব্যক্তিৰ।
প্ৰায় ১৫ বছৰ ধৰি নাজিৰা ন-মাটি অঞ্চলৰ নিৰঞ্জন গগৈৰ ঘৰত বনকৰা লোক হিচাপে থকা ভূমিজে বিয়লি সুৰাপান কৰি বিদ্যুতৰ খুঁটাত উঠি বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰাৰ লগতে বিদ্যুৎস্পৃষ্ট হৈ ওপৰৰ পৰা মাটিত পৰি ঘটনাস্থলীতে মৃত্যুক আঁকোৱালি লয়।
স্থানীয় ৰাইজে খুঁতাত উঠি যাঁওতেই বাধা দিয়াৰ চেষ্টা কৰে যদিও সুৰাৰ ৰাদিত মাতাল ভূমিজে খৰধৰকৈ খুঁটাত উঠি গৈ বিদ্যুৎ পৰিবাহী তাঁৰত স্পৰ্শ কৰোতেই এনে ঘটনা সংঘটিত হয়।
পাছত মহকুমা দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ৰাইজে।