উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাঃ আস্থা ভোটৰ সন্মুখীন হ’ব লাগিব প্রমোদ বড়ো!
December 22, 2020বিটিচিক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
বিটিচিৰ নতুন পৰিষদৰ যোদ্যতাৰ ওপৰত উঠা প্ৰশ্নৰ বাবে ফ্ল’ৰ টেষ্টৰ অনুমতি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ সুযোগ দিয়া হ’ল প্ৰমোদ বড়োৰ নৱ গঠিত পৰিষদক।
আনহাতে হাগ্ৰামা মহিলাৰীৰ বিপিএফলৈয়ো এয়া এক সুবৰ্ণ সুযোগ।
কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব নোৱাৰিব পাৰিষদে।
কেউজন জয়যুক্ত হোৱা প্ৰাৰ্থীয়েই ভোট দিব বিটিচিৰ যোগ্য প্ৰধানৰ বাবে। অৱশ্যে এই ফ্ল’ৰ টেষ্টৰ ভোটদানত মনোনীত পাৰিষদে অংশ ল’ব নোৱাৰিব বুলি সদৰি কৰে ন্যায়ালয়ে।
২৬ ডিচেম্বৰৰ পূৰ্বে হাগ্ৰামা মহিলাৰীকো সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ সুযোগ।
প্রথমে পৰিষদক সংখ্যাগৰিষ্ঠতা প্রমাণৰ সুযোগ।
তাৰ পিছতে ভোটদানৰ জৰিয়তে CEM বাচনি হ’ব লাগিব।
উল্লেখ্য যে, বিটিচি নিৰ্বাচনত বিপিএফে লাভ কৰিছিল ১৭ খন আসন, ইফ পি পি এলে পাইছিল ১২ খন আসন, বিজেপিয়ে ৯খন আৰু গণ সুৰক্ষা পাৰ্টি আৰু কংগ্ৰেছে একোখনকৈ আসন লাভ কৰিছিল।