উত্তৰাখণ্ডৰ জয়প্ৰলয়ঃ অসমৰ ৩জনলৈ বৃদ্ধি সন্ধানহীন হোৱা লোকৰ সংখ্যা!
February 8, 2021উত্তৰাখণ্ডৰ জলপ্রলয়ত কালিলৈ অসমৰ দুগৰাকী যুৱক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছিল যদিও আজি পুনৰ আন এগৰাকী যুৱক সন্ধানহীন বুলি খবৰ পোৱা গৈছে।
নগাঁও জিলাৰ কামপুৰ আৰক্ষী চকীৰ অন্তর্গত উত্তৰ চাংচকীৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাসৰ লগতে হোজাইৰ শশান দালু নামৰ যুৱকগৰাকীও সন্ধানহীন হৈ আছে।
কালি হিমবাহ বিস্ফোৰণ ঘটি হঠাতে অহা বানত তিনিওগৰাকী উটি যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি তিনিও জনৰে মাজত আছে সম্বন্ধ। কামপুৰৰ সন্ধানহীন হোৱা জ্যেষ্ঠ ভাতৃ কমল দাসৰ খুলখালীয়েক শশান দালু।
হিমস্খলনৰ পাছত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছে ৩০জনতকৈও অধিক লোক।
এই লোকসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। বৰ্তমানলৈ ১৮জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে ২০০ৰো অধিক লোক সন্ধানহীন বুলি জানিব পৰা গৈছে।