উত্তৰ পূবৰ এইখন ৰাজ্যত আৰম্ভ হ’ল সাতদিনীয়া লকডাউন

April 21, 2021 0 By Biraj Kalita

দেশজুৰি অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক কৰ’ণা ভাইৰাছে।

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহত ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।

উত্তৰ–পূবৰ ৰাজ্য মিজোৰামৰ ৰাজধানী আইজলকে ধৰি ১০খন জিলাত আৰম্ভ হৈছে লকডাউন।

মঙলবাৰে নিশাৰ পৰা আইজল চহৰকে ধৰি ১০খন জিলাত মুখ্য কার্যালয়সমূহত লকডাউন ঘোষণা কৰিছে মিজোৰাম চৰকাৰে৷

২০ এপ্রিলৰ পুৱা ৪ বজাৰ পৰা অহা ২৬ এপ্রিললৈকে চৰকাৰী কর্মচাৰীসকলে ঘৰৰ পৰাই সেৱা আগবঢ়াব৷

এই সময়ছোৱাত সকলো ধর্মীয় স্থান, শৈক্ষিক প্রতিষ্ঠান, উদ্যান, থিয়েটাৰ, জীম, শ্বপিংমল সম্পূর্ণকৈ বন্ধ থাকিব।

লগতে চাওকঃ

ক’ভিড যােদ্ধা! গৰ্ভত ৫ মহীয়া সন্তান লৈ ৰাজপথত কৰ্তব্য সমাপন কৰিছে এগৰাকী ডিএছপিয়ে!