‘উত্তৰ-পূব বনাম ভাৰতৰ বাকী অংশ’ বুলি টুইট কৰি সমালোচনাৰ সন্মুখিন অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন

July 25, 2021 0 By Biraj Kalita

অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন এটা টুইটে তোলপাৰ লগাইছে চ’ছিয়েল মিডিয়াত।

বিভিন্নজনৰ সমালোচনাৰ সন্মুখিন হৈছে অসম বিধানসভাৰ উপাধ্যক্ষ গৰাকী।

টকিঅ’ অলিম্পিকত ভাৰতে মণিপুৰৰ কন্যা মীৰাবাঈ চানুৰ জৰিয়তে লাভ কৰা প্ৰথমটো পদকৰ পিছতে ডাঃ নোমল মমিনে কৰিছিল এটা বিশেষ টুইট।

যাক বহুতে বিভাজনকাৰী টুইট বুলি কোৱাৰ লগতে সচেতন মহলে তীব্ৰ ভৎৰ্সনা কৰিছে।

তেওঁ লিখিছিল- ‘উত্তৰ-পূব বনাম ভাৰতৰ বাকী অংশ। #Olympics উত্তৰ-পূব জয়ী’।

মমিনৰ এই টুইটটোত ৰি-টুইট কৰি একাংশই বিধানসভাৰ উপাধ্যক্ষৰ দৰে পদত অধিষ্ঠিত এগৰাকী ৰাজনীতিকৰ এই ধৰণৰ চিন্তা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

ইপিনে টুইট সন্দৰ্ভত নোমল মমিনে সংবাদমাধ্যমৰ আগত কয়- ‘এই টুইটটোৰ আঁৰত ৰাজনীতিৰ কোনো সম্পৰ্ক নাই। টকিঅ’ অলিম্পিকৰ প্ৰথম দিনটোতে মীৰাবাঈ চানুৱে ভাৰতৰ হৈ পদক অৰ্জন কৰিছিল। পদক জয়ী খেলুৱৈগৰাকী হ’ল উত্তৰ-পূবৰ। সেই অৰ্থতে মই টুইটটো কৰিছিলো’।