উদালি কাণ্ডঃ চিকিৎসক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত হিলালক গ্রেপ্তাৰ…

June 12, 2021 0 By Biraj Kalita

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে উদালিত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিক্ৰিয়া।

ইতিমধ্যে কেইবাজনো অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

হোজাইৰ উদালি ফুলতলীৰ ক’ভিড কেয়াৰ চেণ্টাৰত চিকিৎসক, নার্ছ প্রহাৰৰ ঘটনাৰ লগত জড়িত আৰু এজন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷

উক্ত গোচৰত গ্রেপ্তাৰ কৰা ২৯নং অভিযুক্তজন হ’ল হিলালউদ্দিন৷

অভিযুক্ত হিলালউদ্দিনে ক’ভিড ৰোগীজনৰ মৃত্যুৰ পাছত উচটনি দিয়াৰ লগতে কর্মৰত চি এইচ অ’ নাগেশ্বৰ চৌহানক অভিযুক্ত কৰি ফেচবুক লাইভ কৰাৰ লগতে চিকিৎসক–নার্ছ আৰু চিকিৎসালয়খন আক্রমণ কৰিবলৈ বহুতকে ফোন কৰি মাতি আনিছিল৷

এই অমানৱীয় কাণ্ডৰ লগত জড়িত ২৮জনক আৰক্ষীয়ে পূর্বতে গ্রেপ্তাৰ কৰি পোৱা তথ্যৰ আধাৰত হিলালউদ্দিনক গ্রেপ্তাৰ কৰে৷

গ্রেপ্তাৰ কৰা হিলালউদ্দিনক ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ১৪৩/৩৪২/৪৪৭/৩৩৩/৩০৭/৩৫৩/৪২৭ আৰ ডব্লিউ চাৰি নং পি ডি এক্ট, চিকিৎসক সেৱা আইনৰ ৬/৭ আৰু দুর্যোগ ব্যৱস্থাপনা আইনৰ এপিডেমিক ডিজিজ এক্ট (সংশোধনী ২০২০) ৩ (৩)নং ধাৰাত জিলা সদৰ শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে অভিযুক্তক জে’ললৈ প্রেৰণ কৰে৷