উদ্বেগজনক! অসমৰ মহিলা চিকিৎসকৰ দেহত ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি…
July 20, 2021ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ।
দেশত প্ৰথমবাৰৰ বাবে একেজন ৰোগীৰ দেহত ধৰা পৰিছে ক’ভিড আলফা আৰু ডেল্টা ভেৰিয়েণ্ট।
ডিব্ৰুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ দেহত ধৰা পৰিছে এই ভাইৰাছ।
ডিব্ৰুগড় আঞ্চলিক গৱেষণা কেন্দ্ৰই এই কথা পোহৰলৈ আনিছে।
একেলগে দুয়োটা ভাইৰাছ ধৰা পৰা দেশৰ এইটোৱেই প্ৰথম ঘটনা।
উল্লেখ্য যে, মহিলা গৰাকীয়ে কৰ’ণা ভেকচিনৰ দুয়োটা ড’জেই গ্ৰহণ কৰিছিল।
এই সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ আইচিএমআৰ-আৰএমআৰচিৰ নোডাৰ বিষয়া বিশ্বজিত বৰকাকতিয়ে কয় যে মহিলা গৰাকীৰ দেহত কৰ’ণাৰ দুটা প্ৰকাৰ পোৱাটো নিশ্চিত হৈছে। সম্ভৱত ভাৰতত এইটোৱে প্ৰথম।
মহিলা চিকিৎসক গৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।