উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড! কেইবা কোটি টকাৰ সা-সম্পত্তি লোকচানৰ আশংকা…
June 20, 2021বাইহাটাৰ কমলপুৰত ভয়ংকৰ অগ্নিকাণ্ড।
কমলপুৰৰ আল্টাত নিৰ্মীয়মান অৱস্থাত থকা এটা উদ্যোগত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।
ওৱেলডিং মেচিনৰ পৰা ওলোৱা জুইৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে।
দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে সফল হোৱা নাই৷
এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সা-সম্পত্তিৰ লোকচান হোৱাৰ আশংকা।